Rupam Dutta

Rupam Dutta ইয়াতে পাব মোৰ সকলো লেখা।
সময়ত সকলো পাবলৈ like আৰু follow কৰি দিব।

23/04/2026

●●●অসমীয়াৰ আবেগ●●●

তাকে ভাৱোঁ—আমি কিয় ইমান আৱেগিক?

প্ৰায়ে কামৰ বাবে অসমৰ বাহিৰলৈ যাব লগা হয়। নানান ভাষা, সংস্কৃতিৰ মানুহৰ লগত সময় পাৰ কৰোঁ। বাহিৰৰ মানুহবোৰো যথেষ্ট ভাল—সহায় কৰে, মৰমেৰে কথা পাতে, সহজে আপোন কৰি লয়। এইবাৰ ভলভ’ প্ৰশিক্ষণ লওঁতে কৰ্ণাটকৰ পৰিবহন নিগমৰ কেইজনমান ড্ৰাইভাৰৰ লগত চিনাকি হৈছিল। তেওঁলোকে মাল্টিএক্সেল বাছ চলায়। তেওঁলোকৰ সৈতে সময় পাৰ কৰি বহুত ভাল লাগিছিল। যিমান পাৰে মোক সহায় কৰিছিল, নিজৰ কাম-কাজৰ বিষয়ে বুজাইছিল। এতিয়াও তেওঁলোকে মোৰ খবৰ লয়—এইটো এটা আন্তৰিক অনুভৱ।

কিন্তু একেটা ঘটনা যদি আমাৰ অসমত ঘটিলহেঁতেন, আমি কি কৰিলোঁহেঁতেন? নিশ্চয় তেওঁলোকক ঘৰত লৈ আহি আপ্যায়ন কৰিলোঁহেঁতেন, নিজৰ কাম এৰি হলেও টিলিঙা মন্দিৰ, কামাখ্যা, বগীবিল বা ধলা-শদিয়া দলং দেখুৱাবলৈ লৈ গ’লোহেঁতেন, পাৰিলে দুদিনৰ বাবে কাজিৰঙাও। মই বুলিয়েই নহয়—আমি বেছিভাগ অসমীয়াই এনেকুৱাই।

এইয়াই আমাৰ স্বভাৱ। আমি হৃদয়ৰ পৰা মৰম কৰোঁ, বিনা স্বাৰ্থে আপোন কৰি লওঁ। এইটো আমাৰ গৌৰৱ, কিন্তু কেতিয়াবা এই আৱেগেই আমাৰ দুৰ্বলতা হৈ উঠে। সেই দুর্বলতাই আমাক দুখ দিয়ে অন্তৰত।

বৰ্তমান ‘মৰ্মিতা মিত্ৰ’ নামৰ এগৰাকী গায়িকাক লৈ বহুত বিতৰ্ক চলি আছে। মই এই ক্ষেত্ৰৰ মানুহ নহয়, কিন্তু বিষয়টো লক্ষ্য কৰি আহিছোঁ। কিবা এটা ঠিক লগা নাই। এইবোৰৰ মাজলৈ নিজকে নানো বুলিও আজি লিখিবলৈ বাধ্য হ'লোঁ।

ইয়াৰ আগতেও আমাৰ অতি আবেগৰ 'ৰাজীৱ শদিয়াৰ' ঘটনাত এই গায়িকাৰ নাম উঠিছিল। অনুদানৰ কথা কৈ সামাজিক মাধ্যমত আলোচনা হৈছিল, কিন্তু সময়মতে সেইটো পূৰণ নহ’ল বুলি অভিযোগ উঠিছিল। শেষত পৰিয়ালে সেই অনুদান নালাগে বুলি ক’লে—এইটো দুখজনক। ইয়াৰ ফলত সেই গায়িকাৰ নাম বিখ্যাত হৈ উঠিছিল।

এতিয়া আকৌ আমাৰ ৰজা জুবিন গাৰ্গ দাৰ গীতসমূহ ভিন্ন ৰূপত মঞ্চত উপস্থাপন কৰি নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে। মানুহৰ মত ভিন্ন—কিছুমানে সমৰ্থন কৰিছে, বহুতে বিৰোধ কৰিছে। কিন্তু মোৰ মতে, ইয়াত মূল কথা হৈছে—সন্মান আৰু দায়িত্ব।

কুমাৰ চানু, উদিত নাৰায়ণ, লতা মংগেশকাৰ, মহম্মদ ৰফি, পুলক বেনাৰ্জী, দেৱজিত সাহা, অংকিতা ভট্টাচাৰ্য আদি বহু শিল্পীয়ে অসমীয়া সংগীত জগতত নিজৰ অৱদান আগবঢ়াইছে। তেওঁলোকৰ গীত, তেওঁলোকৰ সৃষ্টি—আজিও আমাৰ মনত সজীৱ। আমি তেওঁলোকক সন্মান কৰোঁ, কাৰণ তেওঁলোকে এই মাটিক কিছু দিছে।

কিন্তু ইয়াতেই মূল প্ৰশ্নটো আহে—অৱদান ক’ত?

কেৱল আনৰ গীত গাই জনপ্ৰিয় হোৱাটোতেই কি যথেষ্ট? যদি কোনো শিল্পীয়ে সঁচাকৈয়ে অসমীয়া সংগীত জগতত নিজৰ স্থান গঢ়িব বিচাৰে, তেন্তে তেওঁৰ নিজৰো সৃষ্টি থাকিব লাগিব, নিজৰ চিনাকি থাকিব লাগিব। আনৰ গীত গোৱাটো ভুল নহয়, কিন্তু সেয়াই যদি একমাত্ৰ পথ হয়, তেন্তে ইয়াক সম্পূৰ্ণ অৱদান বুলি ক’ব নোৱাৰি।

আৰু এটা কথা—যিকোনো শিল্পীৰ গীত গাওঁতে সেই গীতৰ আত্মা আৰু সন্মান অটুট ৰাখিব লাগিব। কোনোবাই জুবিন গাৰ্গ হ’ব নোৱাৰে, কিন্তু তেওঁৰ গীতসমূহ প্ৰাণ ঢালি, সন্মানেৰে পৰিৱেশন কৰিব পাৰে—সেইটোহে প্ৰয়োজন।

শেষত, অনুষ্ঠান আয়োজকসকললৈ এটা বিনম্ৰ অনুৰোধ—সুযোগ দিয়াৰ আগতে শিল্পীৰ মান, দায়িত্ববোধ আৰু অৱদান বিচাৰ কৰক। অসমত ইতিমধ্যে হাজাৰ হাজাৰ প্ৰতিভাশালী থলুৱা গায়ক-গায়িকা আছে। তেওঁলোককো সুযোগ দিয়াটো আমাৰ দায়িত্ব।

মই ইয়াত অসমীয়া,অনা- অসমীয়া বিভেদ তুলিবলৈ বিচৰা নাই। মোৰ কথা সৰল—সংগীতৰ প্ৰতি সততা থাকক, সংস্কৃতিৰ প্ৰতি সন্মান থাকক, আৰু আমাৰ আবেগক কেতিয়াও খেলনাৰ দৰে ব্যৱহাৰ কৰা নহওক।

এইটোহে আমাৰ আশা। এইটোহে আমাৰ আহ্বান।■■■

16/04/2026

●●●বিহু- জুবিনবিহীন●●●

চাওঁতে চাওঁতে বিহু পালেহি। বসন্তত প্ৰকৃতিয়ে নিজ ৰূপ সলায়। নতুন পাতে গছবোৰ জীপাল কৰি তোলে। চাৰিওফালে এক আনন্দই ঘেৰি ৰাখে। বিশেষ একো কাৰণ নোহোৱাকৈয়ে মনবোৰ ৰসেৰে ভৰি থাকে।
কিন্তু এইবাৰ একোৱেই অনুভৱ নহ'ল। আমাৰ ৰজাজনেই নাই, আমাৰ আবেগ জনেই নাই, অসমীয়াৰ প্ৰাণ জনেই নাই। সকলো থাকিও কিবা এটা উৰুঙা উৰুঙা ভাব সকলোৰে মনৰ ভিতৰত।
ঘৰতে বহি সময় কটাই আছোঁ। গেটত তলা মাৰি ভাত খাবলৈ মতাৰ বাবে অপেক্ষা কৰি আছিলোঁ। তেনেতে বাহিৰত ঢোল পেঁপাৰ মাত শুনি ওলাই আহি দেখিলোঁ, হুঁচৰি আহিছে। অন্তৰখন উজ্বলি উঠিল। কিবা এটা ভাল লাগিল। জুবিনবিহীন বিহুৰ অকণমান হ'লেও , আগমনৰ কিবা এটা আভাস পালোঁ।

আমাৰেই মৃদু মোহন লোক নৃত্য সাংস্কৃতিক দলে বহু চেষ্টা কৰি এই অকণমানি কেইটাক লৈ এই হুঁচৰি দলটি গঠন কৰিলে। লগতে সমন্বয় সংঘৰ সমূহ কৰ্মকৰ্তাক বহু ধন্যবাদ জ্ঞাপন কৰিলোঁ।
এই নতুন হুঁচৰি দলটোলৈ হিয়াভৰা মৰম আৰু আশীৰ্বাদ যাছিলোঁ।

●●● আই এছ বি টি — দা ডায়েৰী ●●●প্ৰস্তাৱনা:-গোটেই ৰাতি আমি গাড়ী চলাওঁ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰী কঢ়িয়াওঁ। আন্ধাৰ ফালি...
09/04/2026

●●● আই এছ বি টি — দা ডায়েৰী ●●●
প্ৰস্তাৱনা:-

গোটেই ৰাতি আমি গাড়ী চলাওঁ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰী কঢ়িয়াওঁ। আন্ধাৰ ফালি, বৰষুণ কাটি, টোপনিৰ লগত নীৰৱ যুদ্ধ কৰি, ক্লান্ত চকু আৰু গধুৰ দেহ লৈ শেষত পুৱাৰ পোহৰ মেলাৰ লগে লগে আহি গুৱাহাটী আই এছ বি টিত থমকি পৰোঁ। সেই মুহূৰ্তত যেন কেৱল বাছখনেই নহয়, মানুহজনো থমকি যায়। ৰাতিটোৰ হৰ্ণ, আলোড়ন, দৌৰ-ধাপৰা, যাত্ৰীৰ উঠা-নমা—সকলো যেন লাহে লাহে স্তব্ধ হৈ পৰে। পুৱাৰ সেই কোমল, অলপ মলিন পোহৰত আমি এক নিঃশব্দ নিঃশ্বাস লওঁ—যেন এটা দীঘল যাত্ৰাৰ পিছত জীৱনটো অলপ সময়ৰ বাবে থমকি থাকে।

এই নিঃশ্বাসটো কেৱল আৰাম নহয়, ই এক অনুভৱ। ৰাতিৰ পথত দেখা অসংখ্য মুখ, শুনা অসংখ্য কথা, হোৱা সৰু-ডাঙৰ ভুল, ভয়, দায়িত্ব—সকলো যেন একেলগে মনৰ ভিতৰত ঘূৰি ফুৰে। বাছখন ৰৈ থাকে, কিন্তু মনটো তেতিয়াও ৰৈ নাথাকে।

বহুত মানুহে ভাবে, আই এছ বি টি মানে কেৱল বাছত উঠা-নমা কৰাৰ ঠাই। কিন্তু আমাৰ দৰে ৰাতিৰ চালকৰ বাবে আই এছ বি টি কেৱল এটা ষ্টেণ্ড নহয়—এইখনো এখন জীৱন্ত পৃথিৱী। ইয়াত আমি দিনটো কটাই দিওঁ। বাছৰ কাষতে শুই পৰোঁ, গামোচাৰে মুখ ঢাকি অলপ টোপনি যাওঁ, চাহৰ কাপেৰে ক্লান্তি অলপ ধুই পেলাওঁ। কেতিয়াবা কোনোবাই চুপচাপ বহি থাকে, কেতিয়াবা কোনোবাই গল্প কৰে, কেতিয়াবা কোনোবাই একো নকৈ দূৰলৈ চাই থাকে। এইবোৰ সৰু সৰু দৃশ্যবোৰেই আমাৰ দিনৰ নীৰৱ সংগীত।

আই এছ বি টি মানে মানুহ। অন্তহীন মানুহ। প্ৰতি মুহূৰ্ততে নতুন মুখ, নতুন কাহিনী। ক’ৰবাত এজন বৃদ্ধ পিতৃ, চকুত আশাৰ পোহৰ লৈ, ল’ৰাৰ অপেক্ষাত বহি থাকে। ক’ৰবাত এজনী মাকে কোলাত কেঁচুৱা লৈ ব্যস্তভাৱে বাছ ধৰিবলৈ হাবাথুৰি খায়। ক’ৰবাত কোনোবাই ফোনত কান্দি থাকে, ক’ৰবাত কোনোবাই হাঁহি হাঁহি বিদায় লয়। ক’ৰবাত দুজন অচিনাকি মানুহৰ মাজত নতুন বন্ধুত্বৰ সূচনা হয়, ক’ৰবাত আকৌ সৰু কথাতে ভুল বুজাবুজিৰ পৰা দূৰত্ব গঢ়ে। ক’ৰবাত মৰম, ক’ৰবাত অপমান, ক’ৰবাত সহায়, ক’ৰবাত উপেক্ষা—এই সকলো মিলি আই এছ বি টি যেন এখন চলন্ত জীৱনৰ পাঠশালা।

এইবোৰ দৃশ্যবোৰ দেখি থাকোঁতে কেতিয়াবা ধাৰণা হয়—আমি কেৱল চালক নহয়; আমি যেন নীৰৱ সাক্ষী। মানুহ আহে, যায়; কিন্তু তেওঁলোকৰ কিছুমান মুহূৰ্ত, কিছুমান কথা, কিছুমান অনুভৱ আমাৰ লগত ৰৈ যায়। সেইবোৰে আমাৰ ভিতৰত কিবা এটা সজায়, কিবা এটা ভাঙে, কিবা এটা সলাই দিয়ে।

আই এছ বি টিৰ দিনবোৰ বাহিৰৰ মানুহৰ চকুত হয়তো একেবাৰে সাধাৰণ। কিন্তু আমাৰ বাবে এইবোৰেই জীৱনৰ আটাইতকৈ গভীৰ সত্য। ইয়াত আমি দেখোঁ মানুহৰ প্রকৃত ৰূপ—মিছা আৰু সত্য, মৰম আৰু স্বাৰ্থ, বিশ্বাস আৰু বিশ্বাসঘাটকতা, সহায় আৰু উপেক্ষা। এইবোৰ কোনো পাঠ্যপুথিৰ শিক্ষা নহয়; এইবোৰ জীৱনে নিজে শিকাই দিয়া পাঠ।

বহু সময় কিছুমান ঘটনা বুকুৰ ভিতৰত সাঁচি ৰাখোঁ। কেতিয়াবা ক’বলৈ মন নাযায়, কেতিয়াবা ক’বলৈ গৈও শব্দ নোহোৱা যায়। কিন্তু সেইবোৰ কাহিনী শেষ নহয়; সময় পালে আকৌ উথলি উঠে, মনে মনে নিজৰ অস্তিত্ব সোঁৱৰাই দিয়ে।

সেই কাৰণেই ভাবিছোঁ—এইবোৰ নীৰৱ কাহিনী, এইবোৰ জীৱনৰ পৃষ্ঠা, এইবোৰ মানুহৰ অন্তৰালৰ সত্য—এইবোৰ লিখি ৰাখিম। সজাই-পৰাই, কৃত্ৰিম ৰং সানি নহয়; যিদৰে দেখিছোঁ, যিদৰে অনুভৱ কৰিছোঁ, ঠিক তেনেদৰেই। হয়তো এইবোৰ কেৱল বাছ আৰু যাত্ৰীৰ কাহিনী নহ’ব; এইবোৰ হ’ব মানুহৰ কাহিনী—নীৰৱ কান্দোনৰ, আকস্মিক সহায়ৰ, হঠাৎ পোৱা মৰমৰ, ভাঙি যোৱা বিশ্বাসৰ, ভাগ্য আৰু কৰ্মফলৰ নীৰৱ খেলৰ কাহিনী।

এই কাহিনীৰ নাম — আই এছ বি টি ডায়েৰী।

আজিৰ পৰা আৰম্ভ হ’ল।

যিমানদিন ষ্টিয়েৰিং মোৰ হাতত, যিমানদিন ৰাতিৰ ৰাস্তা মোৰ চিনাকি, সিমানদিন এই ডায়েৰীৰ পৃষ্ঠা শেষ নহ’ব।
আপোনালোকো লগত থাকিব।
মই এটা এটাকৈ মুকলি কৰিম সেই পৃষ্ঠাবোৰ—
যিবোৰত আছে ৰাস্তা, মানুহ, আৰু জীৱনৰ নিঃশব্দ সত্য।

আমাৰ শ্ৰদ্ধাৰ পুলিচৰ এজন শীৰ্ষ বিষয়া প্ৰশান্ত চাংমাই দাদাই বহু দিনৰ আগতেই এনেকৈ লিখি যাবলৈ কৈছিল। অৱহেলা, এলাহ আৰু আমাৰ ওলোটা কৰ্মজীৱনৰ বাবে সেই লেখা সম্পূৰ্ণ হৈ উঠা নাছিল। এতিয়া ভাবিছোঁ, প্ৰশান্ত দাৰ সেই আশা পূৰণ কৰাৰ এইয়া মোৰ এক সুবৰ্ণ সুযোগ।

আপোনালোকৰ মতামত অতি জৰুৰী।

— ৰূপম দত্ত।

●●●কৰ্মফল- দা প্ৰচেছ●●●(Share কৰিব পাৰিব)গাড়ী চলাওঁতে হেডলাইটে আগৰ পথ দেখুৱায়, সেইকাৰণে আন্ধাৰ ৰাস্তাও পাৰ কৰি যোৱা যায়।...
07/04/2026

●●●কৰ্মফল- দা প্ৰচেছ●●●
(Share কৰিব পাৰিব)

গাড়ী চলাওঁতে হেডলাইটে আগৰ পথ দেখুৱায়, সেইকাৰণে আন্ধাৰ ৰাস্তাও পাৰ কৰি যোৱা যায়। ৰাস্তা যিমানেই নিস্তব্ধ নহওক, যিমানেই গভীৰ নিশা নহওক, চকুৰ সন্মুখত অলপ পোহৰ থাকিলেই মানুহে সাহস পায়। কেতিয়াবা লাহে লাহে, কেতিয়াবা বুকু টানি, কেতিয়াবা অজান ভয় বুকুত লৈয়েই, তথাপিও গাড়ী আগুৱাই যায়। কাৰণ চালকৰ ভৰসা থাকে—এই অলপ পোহৰখিনিয়েই মোক আগৰ পথ দেখুৱাব, গন্তব্যলৈ লৈ যাব।

কিন্তু জীৱনৰ পথ তেনেকুৱা সহজ নহয়। ইয়াত সকলো আন্ধাৰ বাহিৰলৈ নামি নাহে; কেতিয়াবা আন্ধাৰ নামি আহে বুকুৰ গভীৰতাত। কেতিয়াবা কোনো ধুমুহা নাহে, কোনো বজ্ৰপাত নাহে, কোনো ডাঙৰ শব্দও নাহে—তথাপিও ভিতৰত কিবা এটা ভাঙি যায়। বিশেষকৈ যেতিয়া আপোন বুলি বুকুত ঠাই দিয়া মানুহেই বিশ্বাস ভাঙে, তেতিয়া সেই আঘাত দেহত নালাগে, সকলোবোৰ আত্মাত লাগে। সেই যন্ত্ৰণাৰ কোনো শব্দ নাথাকে, কিন্তু তাৰ প্রতিধ্বনি বহু দূৰলৈ যায়। মুখত হাঁহি থাকিব পাৰে, কথা চলি থাকিব পাৰে, কাম-কাজও থমকি নৰয়, কিন্তু মনৰ এক নিভৃত কোণত তেতিয়া নীৰৱে নীৰৱে আন্ধাৰ জমা হ’বলৈ ধৰে।

ৰাস্তাত দিশ হেৰালে গাড়ী ৰখাব পাৰি। কাষৰ মানুহক সুধিব পাৰি। মেপ চাই ল’ব পাৰি। ভুল পালে ঘূৰি পুনৰ সঠিক পথত উঠিব পাৰি। কিন্তু মনৰ দিশ হেৰাই গ’লে কাক সুধিব? বুকুৰ ভিতৰত নামি অহা আন্ধাৰখিনি ক’ত লৈ থ’ব? বিশ্বাসভঙাৰ পিছত মানুহে বহু সময় আনক সন্দেহ কৰাৰ আগতে নিজকেই সন্দেহ কৰিবলৈ শিকে। নিজৰ সিদ্ধান্ত, নিজৰ মৰম, নিজৰ বাছনি—সকলো কিবা ভুল আছিল নেকি বুলি মনটোৱে বাৰে বাৰে সুধিবলৈ ধৰে। তেতিয়াই বুজা যায়, বাহিৰৰ আন্ধাৰ কাটি যোৱাৰ বাবে হেডলাইট থাকে, কিন্তু অন্তৰৰ আন্ধাৰ কাটিবলৈ কোনো যন্ত্ৰ নাই।

গভীৰ ৰাতি দীঘল ৰাস্তাত গাড়ী চলাওঁতে কেতিয়াবা কেতিয়াবা এই কথাবোৰেই মনত উথলি উঠে। হেডলাইটৰ পোহৰত আগৰ ডাঙৰ পথখিনি যেন ধৰা পৰে, কিন্তু নিজৰ জীৱনৰ পথখিনি কেতিয়াবা নিজেই অস্পষ্ট লাগে। কেতিয়াবা মন হয়, বাহিৰত যিমান আন্ধাৰেই থাকক, তাৰ ভয় কম; ভিতৰত নামি অহা আন্ধাৰহে বেছি ভয়ংকৰ। কাৰণ বাহিৰৰ আন্ধাৰ মানুহে পাৰ হয়, কিন্তু ভিতৰৰ আন্ধাৰ মানুহে বহন কৰে। সেইখিনি লৈয়ে হাঁহে, সেইখিনি লৈয়ে কথা কয়, সেইখিনি লৈয়ে দিন কটাই আৰু সেইখিনি লৈয়ে ৰাতি নিদ্ৰাহীন হৈ থাকে।

তথাপিও জীৱনে এটা কথা শিকাইছে—ভগৱান নীৰৱহৈ থাকিলেও কেতিয়াও অন্ধ নহয়। মানুহে হয়তো সাময়িকভাৱে আনৰ মন ভাঙি সুখী হ’ব পাৰে, মিছা কথাৰে নিজকে ঢাকি ৰাখিব পাৰে, বিশ্বাস ভাঙি আঁতৰি যাব পাৰে; কিন্তু ভগৱানৰ চকুৰ পৰা একো লুকাই নাথাকে। মানুহে যি দিয়ে, শেষত সেয়াই ঘূৰি আহে। কোনোবাই মৰম দিলে মৰমেই ঘূৰি আহে, কোনোবাই দুখ দিলে দুখেই এদিন দৰ্জাত আহি থিয় হয়। ভগৱানে হয়তো লগে লগে উত্তৰ নিদিয়ে, লগে লগে বিচাৰো নকৰে, কিন্তু তেওঁ সময়মতে কৰ্মফল এৰি দিয়ে। তেওঁৰ বিচাৰত শব্দ কম, কিন্তু সত্য বেছি। তেওঁৰ শাস্তি কেতিয়াবা নীৰৱ হয়, কিন্তু গভীৰ হয়।

সেইবাবেই এতিয়া আগৰ দৰে সোনকালে ভাঙি নপৰোঁ। দুখ হয়, নিশ্চয় হয়। বুকু বিষায়, নিশ্চয় বিষায়। বহু কথাই মনে মনে কন্দুৱাই দিয়ে। কিন্তু তাৰ মাজতো নিজকে একেটাই কথা কৈ থাকোঁ—যি অন্যায় কৰিছে, যি বিশ্বাস ভাঙিছে, যি বুকুত আঘাত দিছে, তেওঁলোকৰ বিচাৰ মোৰ হাতে নহয়। সেই বিচাৰ ভগৱানৰ হাতত এৰি দিলোঁ। কিয়নো মানুহৰ বিচাৰ অনেক সময়ত অসম্পূৰ্ণ হয়, কিন্তু ভগৱানৰ বিচাৰ কেতিয়াও ভুল নহয়। আমি কেতিয়াবা তৎক্ষণাৎ ফল বিচাৰোঁ, কিন্তু ভগৱানে সময় বাছি দিয়ে আৰু সময়মতে দিয়া কৰ্মফলহে আটাইতকৈ গভীৰ শিক্ষা।

আজি মোৰ মনত এই কথাটো বেছিকৈ জাগে—মানুহৰ ওপৰত ভৰসা কৰিব পাৰি, কিন্তু শেষ ভৰসাখিনি ভগৱানৰ ওপৰতেই থ’ব লাগে। মানুহে কেতিয়াবা হাত ধৰি মাজপথত এৰি দিয়ে, কেতিয়াবা নিজৰ স্বাৰ্থত আপোনত্ব সলাই পেলায়, কেতিয়াবা মৰমৰ ভাষাৰ মাজতেই বিশ্বাসঘাটকতা লুকুৱাই ৰাখে। কিন্তু ভগৱানে কেতিয়াও কাৰো অশ্ৰু বিফল নকৰে। মানুহে পাহৰি যায়, কিন্তু ভগৱান পাহৰি নাযায়। মানুহে মুখ ঘূৰাই যায়, কিন্তু ভগৱান নীৰৱে দেখি থাকে আৰু সেই নীৰৱ দৃষ্টিৰ মাজতেই লুকাই থাকে ন্যায়, কৰুণা আৰু কৰ্মফলৰ অমোঘ বিধান।

সেইকাৰণে এতিয়া কেতিয়াবা গভীৰ নিশা, দীঘল ৰাস্তা, হেডলাইটৰ পোহৰ আৰু অকলশৰীয়া যাত্ৰাৰ মাজত মনে মনে ভাবোঁ—হেডলাইটে ৰাস্তা দেখুৱায় ঠিকেই, কিন্তু মনৰ আন্ধাৰ কাটিবলৈ মানুহে বাহিৰত নহয়, ভিতৰত পোহৰ জ্বলাব লাগে। সেই পোহৰ বহু সময় ধৈৰ্যৰ, বহু সময় সহ্যশক্তিৰ, বহু সময় নীৰৱতাৰ, আৰু সৰ্বাধিক সময় ভগৱানৰ ওপৰত থকা ভৰসাৰ।

কাৰণ ৰাস্তা আন্ধাৰ হ’লে হেডলাইট জ্বলে, কিন্তু জীৱন আন্ধাৰ হ’লে ভগৱানকেই মনত জ্বলাব লাগে।■■■■

06/04/2026

Bihu has such a unique way of bringing people together through music and celebration. This film by Parle-G captures that through a simple story of a musician who finds his tune in the middle of it all. Felt very rooted and real.�

https://www.facebook.com/parleg

●●● দা নাইট — যোৰহাট ●●●(Share কৰিব পাৰিব)শিৱায়া ভলভ’ চলাই আছোঁ। 9600 মাল্টিএক্সেল, এছ এল এক্স।এই বাছ চলোৱাৰ আমেজেই বেলে...
05/04/2026

●●● দা নাইট — যোৰহাট ●●●
(Share কৰিব পাৰিব)

শিৱায়া ভলভ’ চলাই আছোঁ। 9600 মাল্টিএক্সেল, এছ এল এক্স।
এই বাছ চলোৱাৰ আমেজেই বেলেগ। বাৰটা গীয়েৰ, অট’মেটিক কন্ট্ৰ’ল, দীঘল ৰাস্তা, মাজনিশাৰ নিস্তব্ধতা—এইবোৰ একেলগে মিলি কেতিয়াবা এনেকুৱা এক অনুভৱৰ জন্ম দিয়ে যে ড্ৰাইভিং ছিটত বহি থকা মানুহজনৰ নিজৰ ওপৰতে এক অদ্ভুত গৌৰৱৰ বোধ জাগি উঠে। যেন দিগন্ত ফালি আগুৱাই যোৱা এই মোৰ প্ৰকাণ্ড ৰাণীৰ লগত, লগে লগে ময়ো অলপ ডাঙৰ হৈ উঠোঁ। একেবাৰে ৰজাৰ দৰে অনুভৱ হয়।

কালি ডিগবৈৰ পৰা আহিছিলোঁ। বৰষুণে ৰাস্তা ধুই থৈছিল, আন্ধাৰে চৌপাশ আবদ্ধ কৰি থৈছিল আৰু আমি যেন সেই আন্ধাৰৰ বুকু ফালি লাহে লাহে আগুৱাই আহিছিলোঁ। কাষৰ ছিটত হেণ্ডিমেন ৰাহুল বহি আছিল। যাত্ৰীবোৰৰ অৱস্থা প্ৰায় একে—টোপনি আৰু জাগৰণৰ মাজত দুল খাই খাই অৱশ হৈ পৰা মুখ, আধাখোলা চকু, ক্লান্তিৰ সোঁতত গা এৰি দিয়া দেহ।

গাড়ীৰ ভিতৰত মৃদু স্বৰত বাজি আছিল জুবিনৰ গান—

“মই নথকাৰ অনুভৱ…”

গানটোৰ বিষাদময় সুৰে যেন নিশাটোক আৰু গভীৰ কৰি তুলিছিল। মই আৰু ৰাহুল দুয়ো নিঃশব্দে সেই সুৰৰ মাজত ডুব গৈ গৈ আগুৱাই আছিলোঁ। তেনেতে হঠাৎ গাড়ীৰ মোবাইলটো বাজি উঠিল।

মই ক’লোঁ,

— “ধৰচোন… যোৰহাটত কোনোবাই ৰেডবাছ মাৰিলে চাগে।”

ৰাহুলে ফোনটো ধৰিলে। অলপ শুনি ক’লে,

— “মাৰিছে যোৰহাটত। বি-ফৌৰ নম্বৰ ছিট। অজন্তা বাইপাছত ৰৈ আছে।”

এনেকুৱা ঘটনা মাজে মাজে ঘটে। মানুহে হঠাৎ অনলাইন টিকেট বুক কৰে। তেওঁ যদি বাছৰ লোকৰ লগত যোগাযোগ নকৰে, আমি গমেই নাপাওঁ। কিয়নো যাত্ৰা আৰম্ভ কৰাৰ সময়ত আমাৰ হাতত যি যাত্ৰী তালিকা থাকে, পাছত কৰা নতুন বুকিং তাত আপডেট নহয়। ফলত কেতিয়াবা যাত্ৰীক এৰি আহিব লগীয়া হয়।
ৰাস্তাৰ মাজত এনেকুৱা খেলিমেলি হোৱাটো আচৰিত নহয়।

অলপ পাছতে ৰাহুলে আকৌ ফোন কৰিলে,

— “আমি বাইপাছ পাইছোঁহি। আপুনি আছে নে?”

মানুহজনে ক’লে,

— “একেবাৰে পইণ্টত ৰৈ আছোঁ। মই হাত দেখাম।”

তেওঁ হিন্দীত কথা পাতিছিল। শুনি মোৰ লাগিল যে যাত্ৰীজন অসমৰ লোক নহয়। আমি গানৰ আমেজ, বৰষুণৰ গোন্ধ আৰু নিশাৰ ৰাস্তাৰ মায়া লৈ লৈ লাহে লাহে অজন্তা বাইপাছৰ ওচৰ পালোঁ। ফ্লাইঅভাৰৰ অংশ শেষ হ’ল। চৌপাশ খালি, জনশূন্য। নিশা প্ৰায় এক বাজি পাৰ হৈছে।

হঠাৎ মোৰ মনত অলপ সন্দেহ জাগিল।

ফ’ৰ লেন হোৱাৰ পাছত চিনাকি ঠাইবোৰো আজিকালি অচিনাকি যেন লাগে। যিবোৰ ৰাস্তাৰে আজীৱন অহা-যোৱা কৰিলোঁ, সেইবোৰেই কেতিয়াবা নতুন পথ যেন হয়। বিশেষকৈ ৰাতি। ৰাতিৰ অদ্ভুত নিস্তব্ধতা আৰু নতুন ৰাস্তাৰ ৰূপে পুৰণি স্মৃতিকো কেতিয়াবা ফাঁকি দিয়ে।

মই ৰাহুলক ক’লোঁ,

— “ঐ… আকৌ এবাৰ ফোন কৰচোন। কিবা খেলিমেলি হৈছে যেন লাগিছে।”

ৰাহুলে আকৌ ফোন কৰিলে। উত্তৰ একেই—

— “ফ্লাইঅভাৰৰ ঠিক মেইন পইণ্টতে আছোঁ। মই গাড়ীবোৰ দেখি আছোঁ। আপোনালোকৰ গাড়ীও দেখি আছোঁ। আগলৈ আহক।”

ভাবিলোঁ, দেখি আছে যেতিয়া হয়তো ঠিকেই আছে। মই এক্সেলেটৰ অলপ লাহেকৈ গছকি দিলোঁ। কিন্তু প্ৰায় দুই কিলোমিটাৰমান আগুৱাই যোৱাৰ পাছত মোৰ সন্দেহ নিশ্চিত হ’ল—কিবা এটা ঠিক হোৱা নাই। হয়তো যাত্ৰীজনে ৰাতি বেলেগ গাড়ীকে আমাৰখন বুলি ভুল কৰিলে।

ঠিক সেই সময়তে মোৰ বাছখনৰ পিছফালে আহি থকা এখন স্কৰপিঅ’ কাষ চাপি আহিল। সিহঁতে মোক অভাৰটেক কৰিবলৈ লৈছিল। মই হয়তো অলপ অমনোযোগী হৈ বাছখন কাষ চপাই দিছিলোঁ। লগে লগে মই পুনৰ নিজৰ লেনলৈ আহিলোঁ। স্কৰপিঅ’খনে খৰকৈ মোক পাৰ হৈ মোৰ ড্ৰাইভাৰ দুৱাৰৰ ওচৰ পালে। ঠিক মোৰ ড্ৰাইভাৰৰ ফালৰ খিৰিকীৰ ওচৰত আহি খিৰিকী নমাই ৰ’বলৈ ইংগিত দিলে।

মই বুজি উঠিছিলোঁ, মোৰ ভুলৰ বাবে হয়তো সিহঁতৰ খং উঠিছে। মই খিৰিকী খুলি আগতেই ক’লোঁ,

— “চ’ৰি… ভুল হৈ গ’ল।”

কিন্তু মোক দেখি ল’ৰা দুটাৰ খঙাল মুখত মুহূৰ্ততে বেলেগ পোহৰ জ্বলি উঠিল। ফৰকাল আকাশ যেন।

— “আৰে… ৰূপম দা! একো নাই, একো নাই। ৰাস্তাত এনেকুৱা হৈ যায়।”

— “নাই অ’… যাত্ৰী এজন এৰি আহিলোঁ।”

— “অলপ ৰ’ব। চাইড কৰক।”

মই লাহেকৈ বাছখন ৰাস্তাৰ একেবাৰে কাষত ৰখাই দিলোঁ। স্কৰপিঅ’খনো আগত ৰ’ল। তাৰ পৰা নামি আহিল দুটা তেজাল অসমীয়া ল’ৰা। আহিয়েই মোক সাৱটি ধৰিলে। মই অলপ লাজ আৰু দুখ মিহলি সুৰত আকৌ ক’লোঁ—

— “তোমালোকৰ লাইটৰ পোহৰ একেবাৰে কম আছিল, সেইকাৰণে চকুত পৰা নাছিল। তাতে আকৌ যাত্ৰী এজনৰ ফোন আহিল। বেয়া নাপাবা দেই। আনক দিগদাৰ দি বেয়াই লাগে।”

তেওঁলোকে হাঁহি হাঁহি ক’লে—

— “ধেই, কি কথা কৈছে! একো নাই দাদা। আপোনাক যে লগ পালোঁ, আপুনি বুজি নাপাব আমাৰ কেনেকুৱা লাগিছে। বহুতদিনৰ পৰাই ভাবোঁ, মানুহজনক কেনেকৈ লগ পাম। জুবিন দাৰ শ্ৰাদ্ধৰ দিনা আপুনি আহোঁতে বহুত চেষ্টা কৰিছিলোঁ লগ পাবলৈ। কিন্তু আজি চাওক, কেনেকৈ লগ পাই গ’লোঁ! ক’ত এৰি আহিলে মানুহজনক?”

— “বাইপাছৰ ফ্লাইঅভাৰৰ শেষত আছোঁ কৈছিল। কিন্তু কাকো নাপালোঁ।”

— “ফোন কৰকচোন আকৌ এবাৰ।”

ঠিক সেই সময়তে যাত্ৰীজনে নিজেই ফোন কৰিলে। অলপ কথা পতাৰ পাছত গম পালোঁ, মানুহজনে ফ্লাইঅভাৰৰ শেষত নহয়, একেবাৰে মাজৰ পইণ্টত ৰৈ আছিল। সেইখিনিয়েই ভুল বুজাবুজিৰ আৰম্ভণি।

ল’ৰা দুটাই বিন্দুমাত্ৰ দেৰি নকৰি ক’লে—

— “বলক, আমি লৈ আহোঁ তেওঁক।”
বেয়া লাগিছিল যদিও মোৰ হাতত বিকল্প নাছিল।
লগে লগে স্কৰপিঅ’খনত উঠিলোঁ। মই আগত বহিলোঁ, আনজন পিছত। মুহূৰ্ততে গাড়ীখন ঘূৰাই অজন্তা বাইপাছৰ ফালে টুফান গতিত এৰি দিলে। নিশাৰ ৰাস্তা, টায়াৰৰ শব্দ, তেজ গৰম অসমীয়া যুৱক দুজন আৰু মই।

— “এই মাজৰাতি তোমালোক দুয়োটা মোৰ বাবে ভগৱান হৈ আহিলা। কোৱাচোন, কোনে এনেকৈ অচিনাকি মানুহক সহায় কৰে?”

তেওঁলোকে হাঁহি ক’লে—

— “আৰে দাদা, আপুনি আমাৰ একেবাৰে নিজৰ। অচিনাকি কেনেকৈ হ’ব? আপোনাকো জুবিন দাৰ নিচিনাই লাগে।”

মই তৎক্ষণাৎ ক’লোঁ—

— “ইচ ৰাম! জুবিন দাৰ লগত মোক নিমিলাবা। তেওঁ ভগৱান আছিল। তেওঁৰ নিচিনা কোনো হ’ব নোৱাৰে। জুবিন মানে অকল জুবিন—এটাই পিচ।”

ফ্লাইঅভাৰৰ ওচৰ পাই দেখিলোঁ, সঁচাকৈয়ে এজন মানুহ ৰৈ আছে। লগত এটা ট্ৰেভেলিং বেগ। স্কৰপিঅ’ৰ পৰা নামিয়েই মই তেওঁৰ ওচৰত ক্ষমা বিচাৰিলোঁ। তেওঁ কলকাতাৰ পৰা আহিছিল। অসম ভালকৈ চিনি নাপায়। গতিকে এই সৰু ভুল বুজাবুজিয়েই ডাঙৰ সমস্যাৰ ৰূপ লৈছিল।

তেওঁক বুজাই দিলোঁ—পিছৰবাৰ এনেকুৱা হলে ফ্লাইঅভাৰৰ মাজত নহয়, একেবাৰে শেষত থাকিব। ৰাতিৰ ৰাস্তাত সামান্য ভুলতো বহু সময়ত ডাঙৰ অসুবিধা হয়।

সঁচা কথা ক’বলৈ গ’লে, এই দোষ কেৱল যাত্ৰীৰো নহয়। বাছখন বহু দূৰৰ পৰা আহি থাকে। যাত্ৰা আৰম্ভ হোৱা ঠাইতেই যাত্ৰীৰ তালিকা আমাক দিয়া হয়। তাৰ পাছত কোনোবাই বুকিং কৰিলে সেইটো সদায় লগে লগে আপডেট হৈ নাথাকে। সেইকাৰণে আমি মাজে মাজে মোবাইলত চাই থাকোঁ—নতুন বুকিং কিবা হৈছে নে। তথাপি কেতিয়াবা ভুলবশত ৰৈ যায়। চাবলৈ থাকি যায়।

সেইবাবে যাত্ৰীয়ে টিকেট বুক কৰিয়েই বাছৰ লগত যোগাযোগ কৰাটো খুবেই দৰকাৰ। তেতিয়াহে বাছৰ লোকেও আগতেই সাৱধান হৈ থাকিব পাৰে।

কিন্তু সেই নিশাৰ ঘটনাটোৱে মোক আন এক বেলেগ উপলব্ধিৰ কাষলৈ লৈ গ’ল।

সেই মাজনিশা, জনশূন্য ৰাস্তাৰ বুকুত, এক সৰু ভুল বুজাবুজিৰ জৰিয়তে যোৰহাটৰ দুটা ল’ৰাৰ লগত মোৰ চিনাকি হ’ল—এজন বিকাশ হাজৰিকা, আনজন বিতুপন বৰুৱা। নাম দুটা মনত থৈ দিলোঁ। কিয়নো এই নাম দুটাৰ লগত সেই নিশাৰ এক অপূৰ্ব উষ্ণতা জড়িত হৈ গ’ল।

ল’ৰা দুটাৰ নিৰ্ভেজাল আন্তৰিকতা আৰু নিঃস্বাৰ্থ মৰমত মই সঁচাকৈয়ে আপ্লুত হৈ পৰিলোঁ। বুকুৰ ভিতৰত তেতিয়া একেটা কথাই উথলি উঠিছিল—

ভগৱানক সদায় মন্দিৰত, মছজিদত, গীৰ্জাত বা নামঘৰত বিচাৰিব নালাগে। কেতিয়াবা ভগৱান মানুহৰ ৰূপ লৈ ৰাস্তাৰ মাজত থিয় দিয়ে; হাত আগবঢ়াই দিয়ে; বিপদৰ পৰা তুলি আনে।

সেই মাজনিশা মোৰ বাবে সেই দুটা ল’ৰাও ঠিক তেনেকুৱা ভগৱানৰদৰেই হৈ আহিছিল।

ঘটনাটো সৰু আছিল, কিন্তু অনুভৱটো সৰু নাছিল। মই আজীৱন সেই সহায়, সেই হাঁহি, সেই আগবঢ়াই দিয়া হাত দুখন মনত ৰাখিম। মানুহৰ মাজত মানৱীয়তা শেষ হৈ যোৱা নাই—এই কথাটো মই সেই নিশা নিজৰ চকুৰে দেখিলোঁ। মৰম, ভালপোৱা, স্নেহ—এইবোৰ এতিয়াও নিঃশেষ হোৱা নাই। এতিয়াও কিছুমান হৃদয় নিষ্পাপ শিশুৰ দৰে একেবাৰে নিৰ্মল হৈ আছে।

বিদায় লোৱাৰ সময়ত মই সিহঁত দুটাক কৈ আহিলোঁ—

— “তোমালোকৰ নিচিনা নিশাচৰ প্ৰাণী মোক লাগে। আজীৱন মই তোমালোকক মনত ৰাখিম। তোমালোকৰ ঘৰলৈ যাম, ভাত খাম।”

ধুনীয়া, নিৰ্ভেজাল, নিঃস্বাৰ্থ দুটা হাঁহি সিহঁতৰ মুখত বিৰিঙি উঠিল।

মই পুনৰ নিজৰ ছিটলৈ ঘূৰি আহিলোঁ। গীয়েৰ লগালোঁ। এক্সেলেটৰ গছকি দিলোঁ।

বাছখন আকৌ ৰাতিৰ বুকু ফালি আগুৱাই গ’ল।
কিন্তু এইবাৰ মোৰ বুকুৰ ভিতৰত জুবিনৰ গানৰ লগত লগে লগে মানুহৰ ওপৰত নতুনকৈ বিশ্বাসো বাজি আছিল। জয় জুবিন দা। জুবিন দা...এই ঘটনাৰ লগত তুমিও জড়িত হৈ পৰিলা। য'তেই আছা শান্তিত থাকা।

সেই ল'ৰা দুটাৰ বুকুত মানৱ প্ৰেম জুবিন দাৰ পৰাই জন্ম হৈছিল।■■■■

দা ড্ৰাইভাৰ—আল্টিমেট হিৰোঅধ্যায় ৪(Share কৰিব পাৰিব)আগৰ অধ্যায়: https://www.facebook.com/share/p/1GKJa55XNa/সেইদিনাৰ পিছত...
26/03/2026

দা ড্ৰাইভাৰ—আল্টিমেট হিৰো
অধ্যায় ৪
(Share কৰিব পাৰিব)
আগৰ অধ্যায়: https://www.facebook.com/share/p/1GKJa55XNa/

সেইদিনাৰ পিছত গাঁওখন আগৰ দৰেই আছিল—
পথবোৰ আগৰ দৰেই আছিল,
গছবোৰ, বাটবোৰ—
সকলো একেই আছিল।

কিন্তু মোৰ বাবে সকলো সলনি হৈ গৈছিল। সকলো থাকিও বহু বস্তু হেৰাই গৈছিল। যিবোৰ আপোন আছিল সেইবোৰো অচিন হৈ পৰিছিল।

গাঁৱলৈ মোৰ যোৱা লাহে লাহে কমি গৈছিল।
আগতে যি বাটটো সহজে পাৰ হৈছিলোঁ,
এতিয়া সেই বাটটোত খোজ দিওঁতে মনটো নিজেই থমকি যায়।

য’ত মিকুৰ লগত বহি কথা পাতিছিলোঁ,
য’ত তাই হাঁহি মাৰি মোৰ ফালে চাইছিল—
সেই ঠাইবোৰে এতিয়া মোক এক অদ্ভুত নীৰৱতা অনুভৱ কৰায়।

বহুদিন মই গাঁওলৈ যোৱা এৰি দিছিলোঁ। মাথোঁ বাছ চলাই থাকিলোঁ, দিন পাৰ হৈ গৈছিল, ৰাতি পাৰ হৈ গৈছিল—
কিন্তু অন্তৰৰ কিছুমান কথা একেদৰে ৰৈ গৈছিল।

তাৰ পিছত এদিন হঠাতে গাঁৱলৈ গ’লোঁ।

কিয় গ’লোঁ—সেইটো মই নিজেও নাজানোঁ।
হয়তো কিবা এটা টান আছিল বা কিবা এটা বুজিব লাগিছিল।

গাঁওখন আগৰ দৰেই লাগিছিল—
কিন্তু মানুহবোৰৰ চকুত কিবা এটা সলনি আছিল।

গাঁৱৰ চাহ দোকান খনৰ ওচৰ পালোঁ। কেইবাজনো চিনাকি মানুহ তাত বহি আছিল। কোনোবাই বিড়ি টানিছিল, কোনোবাই চাহ খাই আছিল আৰু কোনোবাই কিবা এক বিষয়ত কথা পাতি আছিল। তেওঁলোকৰ মাজতেই মই বহিলোঁ। কিছুসময় কোনোৱে একো নক’লে।

তাৰ পিছত এজন বুঢ়া মানুহে মোৰ ফালে চাই লাহেকৈ ক’লে—

“তুমি মিকুৰ লগত বেছি ঘূৰিছিলা নহয়?”

মই মাথোঁ চাই থাকিলোঁ।

আন এজন ক’লে—

“তুমি বহুত কথা নাজানা, ৰূপ…”

মোৰ বুকুখন বাজি উঠিল।
মই লাহেকৈ সুধিছিলোঁ—

“কি কথা?”

কিছুসময় সকলোৱে মৌন হৈ ৰ'ল।
তাৰ পিছত লাহে লাহে কথাবোৰ ওলাই আহিবলৈ ধৰিলে—

“মিকুৰ জীৱনটো সহজ নাছিল…”

“তাইৰ লগত অকল বেয়াই হৈছিল…”

এজন মানুহে গহীনকৈ ক’লে—

“এটা ৰাতি… সেনাৰ কিছুমান মানুহে তাইৰ ওপৰত জঘন্য অত্যাচাৰ কৰিছিল।”

চাহ দোকানখন হঠাতে নিস্তব্ধ হৈ পৰিল।

কথাষাৰ শুনাৰ লগে লগে মোৰ বুকুৰ ভিতৰত হাতুৰীৰ এক প্ৰচণ্ড কোব পৰিল। বুকুৰ কোনোবা এটা কোণ বিষত কোঙা হৈ পৰিল। বুজাব নোৱাৰা এক বেদনাই হেঁচা মাৰি ধৰিলে।
কোনোৱে আৰু বঢ়াই ক’ব নালাগিল—
সেই এটা বাক্যতেই সকলো বুজা গৈছিল।

“তাৰ পিছত তাই আগৰ দৰে নাথাকিল…"

“হাঁহি হেৰাই গ’ল…”

“ভিতৰত বহুত দুখ লৈ ঘূৰি ফুৰিছিল…”

আন এজন ক’লে—

“তাইৰ ককায়েকো উভতি নাহিল…”

মই মাথোঁ চুপ হৈ শুনি আছিলোঁ। মই জানিছিলোঁ, মিকুৰ ককায়েক নিষিদ্ধ ঘোষিত এক সংগঠনত আছিল। কোনো দিন মিকুৰ লগত এই আলোচনা হোৱা নাছিল। আচলতে আমাৰ মাজত তেনে কথাৰ আৱশ্যকতাও নাছিল।

প্ৰতিটো কথা মোৰ বুকুৰ ভিতৰত এটা এটা কৰি ভাঙি পৰিছিল।
মই ভাবিছিলোঁ— মই মিকুক চিনি পাইছিলোঁ। কিন্তু আজি বুজিলোঁ— মই যাক চিনি পাইছিলোঁ, সেইজনী মিকু কেৱল তাইৰ এটা অংশহে আছিল।

সেইদিনা গছৰ তলত মোৰ আগত থিয় হৈ থকা মিকু—
যি হাঁহিবলৈ চেষ্টা কৰিছিল—
সেই হাঁহিৰ আঁৰত কিমান গভীৰ দুখ লুকাই আছিল?
তাই হয়তো ক’ব বিচাৰিছিল— কিন্তু শব্দ বিচাৰি পোৱা নাছিল। সেই দুখ কেৱল এটা ঘটনাৰ নাছিল— সেইটো আছিল অপমানৰ, ভাঙি যোৱাৰ আৰু ন্যায় নোপোৱাৰ।

সেই দুখেই তাইৰ ভিতৰত একুৰা নীৰৱ জুই জ্বলাই থৈছিল। সেই জুয়ে তাইক কঠোৰ কৰি তুলিছিল। তাই বাছি লৈছিল এনে এটা পথ— য’ত মানুহে নিজৰ কষ্টক শক্তিত পৰিণত কৰে। কিন্তু সেই পথত গৈও তাইৰ ভিতৰৰ মানুহজনী সম্পূৰ্ণ মৰি যোৱা নাছিল।
মোৰ লগত থকা সময়বোৰত মই বেলেগ এজনী মিকুক দেখিছিলোঁ— যি হাঁহিব জানে, কাৰোবাক বুজিব জানে।
যি মোৰ লগত চুপচাপ থাকিও শান্তি পায়।

এতিয়া বুজিছোঁ—

হয়তো, মই তাইৰ বাবে এটা সৰু স্বাভাৱিক জীৱনৰ অংশ আছিলোঁ, যি জীৱনটো তাই হেৰুৱাই পেলাইছিল। মই যেতিয়া তাইৰ লগত আছিলোঁ, সেই সময়ত তাই মোৰ লগত নাছিল।

তাইৰ জীৱনৰ ডাঙৰ দুখবোৰত মই একেবাৰে অনুপস্থিত আছিলোঁ। এই কথাটোৱে মোক বেছি কষ্ট দিয়ে।
গাঁওৰ পৰা উভতি আহোঁতে পথটো আগৰ দৰেই আছিল— কিন্তু মই আগৰ দৰে নাছিলোঁ।

মিকুৰ কথা এতিয়া মানুহে কাহিনী হিচাপে কয়—
কোনোৱে সহানুভূতিত, কোনোৱে ভয়ত আৰু কোনোবাই নীৰৱে।

কিন্তু মোৰ বাবে— মিকু কাহিনী নহয়।

মিকু সেইজনী—যি মোৰ লগত হাঁহিছিল, যি মোৰ ফালে চাই চুপ হৈ আছিল আৰু যি মোৰ জীৱনত আহি
মোক একেবাৰে সলনি কৰি গ’ল।

মই আজিও বুজি উঠা নাই— মিকু আচলতে কোন আছিল।

কিন্তু এটা কথা মই জানো— মই যাক ভাল পাইছিলোঁ,সেইজনী মিকু সঁচা আছিল।

কিন্তু কেতিয়াবা নিশা গভীৰ হ’লে, বাছখন চলাই থাকোঁতে— মই কেবিনটো চাই থাকোঁ।
যেন কোনোবা ওচৰত বহি আছে। মই মৃদু স্বৰে কওঁ—

“মিকু…”

কোনো উত্তৰ নাহে। কিন্তু অনুভৱটো থাকে।

মই এক মুহূর্তৰ বাবে ভাবো—
যদি সেইদিনা মই তাইৰ লগত অলপ বেছি সময় থাকিলোঁহেঁতেন…যদি তাইৰ কথা অলপ বেছি বুজিবলৈ চেষ্টা কৰিলোঁহেঁতেন…হয়তো—কিছুমান কাহিনী বেলেগধৰণে শেষ হ’লহেঁতেন।

মিকুৰ কথা শুনাৰ পিছত মোৰ জীৱনটো আগৰ দৰে নাথাকিল।

বাছখন আগৰ দৰেই চলি আছিল। পথবোৰ আগৰ দৰেই আছিল। মানুহবোৰো আগৰ দৰেই আছিল।কিন্তু মই আগৰ দৰে নাছিলোঁ। আগতে মই মাথোঁ বাছ চলাইছিলোঁ। এতিয়া মই স্মৃতি লৈ বাছ চলাওঁ। প্ৰতিটো পথত, প্ৰতিটো ৰাতিত, প্ৰতিটো নীৰৱ মুহূর্তত—মিকু।

গাঁওলৈ মোৰ যোৱা আৰু কমি গৈছিল। বাঘজানৰ পথটোত নামিলে বুকুখন ভাৰাক্ৰান্ত হৈ উঠে।

সেই গছজোপা…
সেই বাটটো…
সেই ঠাইবোৰ—

সকলো এতিয়াও আছে। কিন্তু মিকু নাই। কেতিয়াবা মই ভাবো—
মিকুৱে যদি বেলেগ জীৱন পালেহেঁতেন…

যদি তাইৰ জীৱনত সেইবোৰ ঘটনা নাথাকিলহেঁতেন…
তাই হয়তো আজিও হাঁহি হাঁহি থাকিলহেঁতেন।

হয়তো—মই আৰু তাই একেলগে খোজ কাঢ়িলোহেঁতেন সেই পথাৰত, সেই সেমেকা ঘাঁহৰ ওপৰত।
কিন্তু জীৱনে সকলোকে একে সুযোগ নিদিয়ে। কিছুমান মানুহৰ ভাগ্যত অতি সোনকালেই দুখ লিখা থাকে। মিকু তেনে এজনী। এদিন ৰাতি বাছ চলাওঁতে হঠাতে বৰষুণ দিছিল। আইনাত পানী পৰি আছিল। লাইটবোৰ ধূসৰ হৈ গৈছিল। মই গাড়ী অলপ লাহে লাহে চলাইছিলোঁ।
সেই সময়ত হঠাতে মন হ’ল— কোনোবা যেন মোৰ কাষত বহি আছে। মই কেবিনটো ঘূৰি চাইছিলোঁ।
কোনো নাছিল। কিন্তু অনুভৱটো আছিল....

যেন মিকু... চুপচাপ ...আগৰ দৰে।

মই লাহেকৈ ক’লোঁ—

“মিকু…”

কোনো উত্তৰ নাহিল।

কিন্তু মোৰ বুকুখন অলপ পাতল লাগিল।

সেইদিনাৰ পিছত মই বুজিলোঁ—

কিছুমান মানুহ জীৱনত নাথাকিলেও সম্পূৰ্ণকৈ আঁতৰি নাযায়। তেওঁলোক স্মৃতি হৈ থাকে। অনুভৱ হৈ থাকে।
আৰু কেতিয়াবা— নীৰৱ সঙ্গী হৈ থাকে।

মিকু এতিয়া মোৰ লগত নাই—
কিন্তু মিকু এতিয়াও মোৰ লগত আছে।

প্ৰতিটো ৰাতিৰ পথত…
প্ৰতিটো নিসংগ ড্ৰাইভত…
প্ৰতিটো নীৰৱ মুহূর্তত—

মিকু।

আৰু হয়তো—এইটোতেই তাই মোৰ লগত চিৰদিনৰ বাবে থাকি যাব।

সময় লাহে লাহে আগুৱাই গৈছিল। দিন পাৰ হৈছিল, ৰাতি পাৰ হৈছিল, বছৰো পাৰ হৈ গৈছিল। মই এতিয়াও বাছ চলাই আছোঁ। পথবোৰ আগৰ দৰেই আছিল। নতুন মানুহ উঠিছিল, পুৰণি মানুহ নামি গৈছিল। কিন্তু কিছুমান কথা কেতিয়াও নোহোৱা হৈ নাযায়।

মোৰ বাবে বাছখন মাথোঁ এটা বাহন নহয়। এইখন মোৰ ঘৰ, এইখন মোৰ পথ, এইখন মোৰ সঙ্গী। কেতিয়াবা ৰাতি গভীৰ হ’লে মই মাথোঁ চলাই থাকোঁ। আগফালে দীঘল পথ, পিছফালে অন্ধকাৰ—মাজত মই।

চিগাৰেট এটা জ্বলাই হাতত লৈ মই কেতিয়াবা ভাবো—জীৱনটোও এনেকুৱাই নহয় নেকি? কোনোবা উঠি আহে, কিছু দূৰ যায়, তাৰ পিছত নামি যায়। মাথোঁ ড্ৰাইভাৰ শেষলৈকে থাকে। ড্ৰাইভাৰৰ লগ নাথাকে নেকি? ড্ৰাইভাৰ ইমান নিসংগ কিয়?

মিকুও তেনেকুৱাই আছিল। মোৰ জীৱনলৈ আহিছিল, কিছু দূৰ মোৰ লগত আছিল, তাৰ পিছত নামি গ’ল। কিন্তু তাইৰ স্মৃতি—সেইটো নামি নগ'ল।

এতিয়া মই কেতিয়াবা বাঘজানৰ ফালে যাওঁ। আগতে ভয় লাগিছিল, এতিয়া ভয় নালাগে। মাথোঁ বুকুখন অলপ গধুৰ হয়। সেই গছজোপা এতিয়াও আছে, সেই বাটটোও আছে। মই ৰাষ্টাইদি লাহে লাগে গৈ থাকোঁ, কেতিয়াবা এক মুহূর্ত থমকি যাওঁ।

বাছ চলাই থাকোতে মাজে মাজে মাজনিশা ,মই কেবিনটো চাই থাকোঁ। খালি কেবিন। কিন্তু মনত লাগে—কোনোবা বহি আছে, চুপচাপ, আগৰ দৰে।

মই লাহেকৈ কওঁ

“মিকু…”

বতাহে মাথোঁ শব্দটো লৈ যায়। কোনো উত্তৰ নাহে। কিন্তু মই জানো—কিছুমান উত্তৰ শব্দত নাথাকে, অনুভৱত থাকে।

এতিয়া মই আগৰ দৰে বেছি নাভাবো। মাথোঁ চলাই থাকোঁ। পথ আহে, পথ যায়। মানুহ আহে, মানুহ যায়।

কিন্তু কিছুমান মানুহ জীৱনৰ পৰা আঁতৰি নাযায়। তেওঁলোক পথত নাথাকিলেও মনতে থাকে। মিকু তেনে এজনী।

মই তাইক বিয়া পাতিব নোৱাৰিলোঁ, মই তাইক বচাব নোৱাৰিলোঁ। কিন্তু মই তাইক পাহৰি যাবও নোৱাৰোঁ।

আৰু হয়তো—এইটোতেই তাই মোৰ লগত চিৰদিনৰ বাবে থাকি যাব।

বাছখন আগুৱাই গৈ আছে। লাইটে অন্ধকাৰ কাটি গৈ আছে। পথ শেষ হোৱা নাই। মইও ৰৈ যোৱা নাই।

মাথোঁ এটা কথা বুজিলোঁ—জীৱনত সকলো মানুহ শেষলৈকে নাথাকে। কিন্তু কিছুমান মানুহ শেষলৈকে অন্তৰৰ কোণত সজীৱ হৈ থাকে।

মই ড্ৰাইভাৰ। মোৰ কাম চলাই যোৱা। মোৰ জীৱন—পথ আৰু মোৰ স্মৃতি—মিকু।■■■■সমাপ্ত।

25/03/2026

This musical video presents Bihu as a season of renewal and fresh beginnings.
Hope, gratitude, and festive cheer blend beautifully to create a powerful mood of
optimism and celebration. ✨

https://www.facebook.com/parleg

দা ড্ৰাইভাৰ—আল্টিমেট হিৰোঅধ্যায় ৩(Share কৰিব পাৰিব)আগৰ অধ্যায়: https://www.facebook.com/share/p/1GYYn5F4vV/সেইদিনাৰ কথা ...
25/03/2026

দা ড্ৰাইভাৰ—আল্টিমেট হিৰো
অধ্যায় ৩
(Share কৰিব পাৰিব)
আগৰ অধ্যায়: https://www.facebook.com/share/p/1GYYn5F4vV/

সেইদিনাৰ কথা মই আজিও পাহৰিব নোৱাৰোঁ। সময় বহু পাৰ হৈ গ’ল, বহু পথ পাৰ হৈ আহিলোঁ, বহু ৰাতি জাগি জাগি বাছ চলালোঁ, বহু মানুহ দেখিলোঁ—কিন্তু সেই এটা বিষয় আজিও মোৰ বুকুৰ ভিতৰত একে ধৰণে ৰৈ আছে। কিছুমান দিন সময়ৰ কাষত হাৰি নাযায়; কিছুমান দেখা জীৱনৰ গাত চিৰদিনৰ বাবে লিখা হৈ যায়। মিকুৰ সৈতে মোৰ শেষ দেখাটো তেনেকুৱা এক মুহূর্ত।

সেইদিনা আকাশত ডাৱৰ আছিল, কিন্তু বৰষুণ নামিব নে নাই, তেনে এক অনিশ্চিত বতাহ চলি আছিল। গাঁৱৰ পথবোৰ সেমেকা, চাৰিওফালে একধৰণৰ নিস্তব্ধতা। সন্ধিয়া নামিবলৈ অলপ বাকী, অথচ দিনটোৰ পোহৰ আগতেই ক্লান্ত হৈ পৰা যেন লাগিছিল। মিকুৱে মোক খবৰ পঠাইছিল—

“এবাৰ আহিবা, কথা আছে।”

সেই “কথা আছে” বাক্যটোত কিবা এটা আছিল। খুব সাধাৰণ শব্দ, কিন্তু সেইদিনা মোৰ মনত অজানিতে একধৰণৰ অস্থিৰতা জাগি উঠিছিল। তাই আগতো মোক দেখা কৰিবলৈ মাতিছিল, কিন্তু সেইদিনাৰ কথাত যেন বেলেগ এক ছাঁ আছিল। মই যেতিয়া গ’লোঁ, তাই আগতেই পথাৰৰ কাষৰ সেই ডাঙৰ গছজোপাৰ তলত থিয় হৈ আছিল।

দূৰৰ পৰা দেখি মোৰ বুকুখন বাজি উঠিছিল। মিকু সদায় থকাৰ দৰে একেবাৰে সাধাৰণ সাজত আছিল। চুলিখিনি পিঠিলৈ পৰি আছিল, মুখত বেছি শৃংগাৰ নাছিল, কিন্তু চকুৰ তলত কিবা এটা ক্লান্তিৰ এক পৰশ দেখা গৈছিল। সেই ক্লান্তি মই আগতে কেতিয়াও স্পষ্টকৈ দেখা নাছিলোঁ। তাইৰ মুখত হাঁহি আছিল, কিন্তু সেই হাঁহি আগৰ দৰে নিভাঁজ নাছিল।

মই ওচৰ পালোঁ। কিছু সময় দুয়ো চুপচাপকৈ ৰৈ থাকিলোঁ। বতাহে গছৰ পাত লৰাই দিছিল। দূৰৈত ক’ৰবাত গৰুৰ ডিঙিৰ ঘণ্টাৰ মৃদু শব্দ আহি আছিল। এনেকুৱা নীৰৱতাত বহু কথা থাকে, কিন্তু মুখেৰে ওলাই নাহে।

মই প্ৰথমে কৈছিলোঁ,

“কি কথা আছিল? ইমান চুপচাপ কিয়?”

মিকুৱে মোৰ ফালে চাই অলপ হাঁহিবলৈ চেষ্টা কৰিলে, কিন্তু সেই হাঁহিটো আধাতে থমকি গ’ল। তাই লাহেকৈ কৈছিল,

“তুমি আহিলা, এইটোৱেই ডাঙৰ কথা।”

মই তাইৰ কথাত অলপ অভিমানী সুৰে কৈছিলোঁ,

“এনেকৈ কিয় কোৱা? যেন বহুদূৰলৈ যাবা।”

তাই সেই মুহূর্তত চকু নমাইছিল। মাটিত পৰি থকা শুকান পাত এটাক ভৰিয়ে লাহেকৈ ইফাল-সিফাল কৰিছিল। মই তাইৰ মুখখন চাই বুজিছিলোঁ—তাইৰ অন্তৰত কিবা এটা চলি আছে। কিন্তু কি, সেয়া তাই ক’ব খোজা নাছিল।

মই আৰু সহ্য কৰিব নোৱাৰি কৈছিলোঁ,

“মিকু, তুমি আগৰ দৰে নাই। মোৰ লগত কথা পাতোতে তোমাৰ মনটো ক’ত থাকে? মই কিবা ভুল কৰিছোঁ নেকি?”

তাই তেতিয়া হঠাতে মোৰ ফালে চাইছিল। সেই দৃষ্টিটো আজিও মই পাহৰিব পৰা নাই। তাত মৰম আছিল, কষ্ট আছিল, ভয় আছিল আৰু এক অদ্ভুত অসহায়তা আছিল। যেন তাই বহুত কথা ক’ব বিচাৰে, কিন্তু ক’ব নোৱাৰে।

তাই খুব লাহেকৈ কৈছিল,

“তুমি একো ভুল কৰা নাই, ৰূপ। সকলো ভুল হয়তো মোৰেই।”

এই কথা শুনি মোৰ বুকুখন কঁপি উঠিছিল। মই খঙেৰে নহয়, দুখেৰে কৈছিলোঁ,

“তেন্তে মোক কোৱা। মই তোমাৰ কোন? যদি তোমাৰ কষ্টৰ কথা জানিব নোৱাৰোঁ, তেন্তে তোমাৰ ওচৰত থকাৰ অৰ্থটো কি?”

মিকুৱে অলপ সময় চুপ থাকি লাহে লাহে মোৰ ওচৰলৈ আহিছিল। তাই ইমান ওচৰ পাইছিল যে মই তাইৰ উশাহৰ উষ্ণতাও অনুভৱ কৰিছিলোঁ। তাৰ পিছত তাই খুব নিম্ন স্বৰত কৈছিল,

“সকলো কথা সকলো সময়ত ক’ব নোৱাৰি, ৰূপ। কিছুমান কথা ক’লে মানুহ আঁতৰি যায়।”

“মই আঁতৰি যাম নে? তুমি ইমানেই চিনি পালা মোক?”

তাই সেইসময়ত অলপ বিষাদমিশ্ৰিত কৈ হাঁহিছিল।

“তুমি আঁতৰি নোযোৱা, মই জানোঁ। কিন্তু কিছুমান বাট থাকে, য’ত ভালপোৱা মানুহক লগত লৈ যাব নোৱাৰি।”

এই বাক্যটো তেতিয়া মোৰ বুজিবলৈ কঠিন হৈছিল। মই ভাবিছিলোঁ, তাই হয়তো মাথোঁ কিবা পাৰিবাৰিক কষ্ট, কোনো ব্যক্তিগত সমস্যা, বা একধৰণৰ ভয়ৰ মাজেৰে পাৰ হৈছে। কিন্তু আজিৰ দিনত উভতি চাই বুজোঁ—তাইৰ প্ৰতিটো শব্দৰ আঁৰত এক গভীৰ সত্য লুকাই আছিল।

সেইদিনা বতাহ অলপ বেছি বলিছিল। মিকুৰ চুলি মুখত আহি পৰিছিল। মই সাৱধানে তাইৰ কপালৰ ওচৰৰ চুলিডাল আঁতৰাই দিছিলোঁ। তাই চকু মুদিছিল। সেই মুহূর্তটো এতিয়াও মোৰ বুকুৰ ভিতৰত একেবাৰে জীৱন্ত। যেন সময় তাতেই থমকি আছিল।

মই তাইক কৈছিলোঁ,

“মিকু, আমি ইমান কিবা ডাঙৰ বস্তু নোখোজোঁ। মোৰ বহুত কিবা নালাগে। মাথোঁ তুমি সঁচাকৈ মোৰ কাষত থাকিব লাগে। বাকী সকলো মই মিলাই ল’ম।”

তাইৰ চকুত তেতিয়া পানী চিকমিকাই উঠিছিল। কিন্তু তাই সেই পানী বৈ আহিবলৈ নিদিলে। বৰঞ্চ একধৰণৰ জোৰ কৰি হাঁহি মাৰি কৈছিল,

“তুমি সদায় এনেকুৱাই কথা কোৱা। সেইকাৰণেই মোৰ বেছি ভয় লাগে।”

মই আচৰিত হৈ সুধিছিলোঁ,

“মোৰ কথাত ভয় লাগে কিয়?”

“কাৰণ তুমি সপোন দেখুৱা। আৰু সকলো সপোন পূৰণ নহয় আৰু সেইটোৱে মোৰ ভয়।”

এইটো কৈ তাই মুখখন ঘূৰাই লৈছিল। মই সেইসময়ত অলপ খং উঠি কৈছিলোঁ,

“সপোন নেদেখিলে মানুহ জীয়াই থাকে কেনেকৈ? তুমি কিয় এনেকুৱা কথা কৈ আছা? কিবা হৈছে নেকি? মোক কোৱাচোন।”

তাই একেবাৰে মৃদু স্বৰে কৈছিল,

“যদি এদিন মই নাথাকোঁ?”

সেই এটা বাক্যই মোৰ বুকুৰ ভিতৰত যেন কিবা ছিঙি পেলাইছিল। মই লগে লগে কৈ উঠিছিলোঁ,

“এইবোৰ কি কথা? তুমি এনেকুৱা কথা ভুলতো মুখলৈ নানিবা।”

তাই তেতিয়া মোৰ ফালে চাই আছিল—এতিয়াও সেই চকুদুটাৰ দৃষ্টি মই পাহৰিব নোৱাৰোঁ। তাত যেন বহু নোকোৱা কথা থুপ খাই আছিল। তাই কৈছিল,

“জীৱনত সকলো মানুহে সকলো পায় নে, ৰূপ?”

“নাপালেও ল’ব লাগে। তুমি থাকিলে মই বাকী একো নোখোজোঁ।”

সেই মুহূর্তত তাইৰ দুচকুৰ পানী আৰু ধৰি নাৰাখিল। তাই খুব সোনকালে মুখ ঘূৰাই ল’লে, যাতে মই ধৰিব নোৱাৰোঁ। কিন্তু মই বুজিছিলোঁ—তাই কান্দি আছে। মই লাহেকৈ তাইৰ কাণৰ ওচৰলৈ মুখখন নি মাতিছিলোঁ

“মিকু...”

তাই হঠাতে মোৰ বুকুত মূৰ থৈ থিয় হৈ ৰ’ল। মোৰ হাত দুখন তাইৰ পিঠিত পৰিল। সেইদিনা প্ৰথমবাৰৰ বাবে তাইক ইমান অসহায় লাগিছিল। যেন বহুত দূৰৰ কিবা বেদনাই তাইক অন্তৰৰে চেপি ধৰিছে। মই মাথোঁ তাইক ধৰি ৰৈছিলোঁ। একো ক’ব পৰা নাছিলোঁ।

অলপ পিছত তাই নিজে নিজে আঁতৰি গৈছিল। চকুৰ পানী গোপনে মচি ল’লে। তাৰ পিছত ম্লান হাঁহি মাৰি কৈছিল,

“তুমি মোক বেয়া নোপোৱা ন ?”

এই কথা শুনি মোৰ অন্তৰজুৰি এক অদ্ভুত কষ্ট নামি আহিছিল। মই কৈছিলোঁ,

“তুমি যিয়েই নোহোৱা, মোৰ বাবে তুমি মিকু। এইটো সলনি নহয়।”

তাই তেতিয়া এনেদৰে মোৰ ফালে চাইছিল, যেন সেই দৃষ্টিৰ ভিতৰত বিদায় লুকাই আছে। কিন্তু মই সেই বিদায় চিনিব পৰা নাছিলোঁ।

যোৱাৰ আগমুহূর্তত তাই মোৰ হাতত কিবা সৰু বস্তু এটা দি কৈছিল,

“এইটো ৰাখিবা। হেৰাব নালাগে।”

মই খুলি চাই দেখিছিলোঁ—এটা সৰু কাপোৰত মেৰিয়াই থোৱা গামোচাৰ টুকুৰা, তাই নিজ হাতে সাচি দিয়া। হয়তো সম্পূৰ্ণ গামোচা নহয়, কিন্তু তাত তাইৰ স্পৰ্শ আছিল। মই হাঁহি কৈছিলোঁ

“তুমি আকৌ গামোচা দি মোক বান্ধি ৰাখিবা বিচাৰিছা নেকি?”

তাই লাহেকৈ কৈছিল,

“কিছুমান মানুহক বান্ধি ৰখা নাযায়। মাথোঁ মনত ৰাখিব পাৰি।”

এটা চুমা দি তাই আঁতৰি গৈছিল। এইটোৱেই মিকুৰ লগত মোৰ শেষ দেখা।

তাৰ পিছত মই বহুদিন তাইক দেখা নাপালোঁ। প্ৰথমে ভাবিছিলোঁ—হয়তো কিবা কামত ব্যস্ত, হয়তো ঘৰত সমস্যা, হয়তো কিছুদিন পিছত আহি আগৰ দৰে হাঁহি মাৰি ক’ব,

“ইমান ভাবিছা কিয়?”

কিন্তু সেয়া কেতিয়াও নহ’ল।

যেতিয়া সত্যটো মোৰ ওচৰলৈ আহিল, তেতিয়া সেই শেষ দেখাখিনিৰ প্ৰতিটো মুহূর্ত নতুন অৰ্থ লৈ উজলি উঠিছিল। তাইৰ ম্লান হাঁহি, তাইৰ অস্থিৰ চকু,

“যদি এদিন মই নাথাকোঁ?”

বুলি কোৱা কথা,

“মোক বেয়া নোপোৱা ন?”

বুলি কঁপা সুৰে সোধা প্ৰশ্ন—এই সকলোবোৰ তেতিয়াহে মই বুজিছিলোঁ। কিন্তু তেতিয়ালৈ বহুত দেৰি হৈ গৈছিল।

সেইবাবেই আজিও সেইদিনা সময়খিনি মনত পৰিলে মোৰ বুকুত দুয়োটা অনুভৱ একেলগে জাগে—অসীম মৰম আৰু গভীৰ অভিমান। মৰম, কাৰণ মই তাইক সঁচাকৈ ভাল পাইছিলোঁ। অভিমান, কাৰণ তাই শেষমুহূর্তলৈকে মোক সম্পূৰ্ণ সঁচা নক'লে। হয়তো তাইৰো কাৰণ আছিল, হয়তো তাই মোক ৰক্ষা কৰিব বিচাৰিছিল, কিন্তু অন্তৰত এটা দাহ ৰৈ গ’ল—যদি তাই মোক বিশ্বাস কৰি সকলো কৈ দিলেহেঁতেন, তেন্তে হয়তো কাহিনীটো বেলেগ হ’ব পাৰিলেহেঁতেন।

কিন্তু জীৱন “হয়তো”ত থমকি নাথাকে।

আজিও কেতিয়াবা নিশা বাছ চলাই থাকোঁতে, যেতিয়া বতাহে খিৰিকীৰ আইনাত বৰষুণৰ পানী মাৰে, ভাব হয় মিকু যেন ঠিক ওচৰতে থিয় হৈ আছে। সেই গছজোপাৰ তলত, সেই পথাৰৰ কাষত, একেই ধৰণে মোৰ ফালে চাই আছে। মই মনতে কওঁ—

“মিকু, তুমি যদি সেইদিনা আৰু অলপ সঁচা হৈ ক’লা হেঁতেন!”

কোনো উত্তৰ নাহে।
মাথোঁ পথ আগুৱাই থাকে।
আৰু মোৰ বুকুৰ ভিতৰত সেই শেষ দেখাখিনি অনন্তকাল ধৰি বাজি থাকে।■■■■
পিছৰ আধায় : https://www.facebook.com/share/p/1CSVqFmUrh/

Address

Tinsukia
786125

Alerts

Be the first to know and let us send you an email when Rupam Dutta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rupam Dutta:

Share